Anthem of DIET Goalpara | ডায়েট শীর্ষ সংগীত
কথা আৰু সুৰ :
অনুৰূপা দাস (অনুৰাধা)
প্রশিক্ষার্থী (বি.এড.) ২০১৬-১৮ বর্ষ
তুমি জ্ঞানৰ জ্যোতি
তুমি প্ৰগতিৰ গতি
তুমি ভৱিষ্যতৰ
সোণালী বাটৰ
সৃষ্টিকামী প্ৰহৰী
জয়তু ডায়েট গোৱালপাৰা
জয়তু ডায়েট গোৱালপাৰা।।
তোমাৰ দুহাততে
প্রান পাই উঠে
শিক্ষাৰ অনল জ্যোতি
তোমাৰ আশীষতে
জাগ্রত হয়
প্ৰজ্ঞাৰ মহাবাণী
তুমি ভৱিষ্যতৰ
সোণালী বাটৰ
সৃষ্টিকামী প্ৰহৰী …
…
জয়তু ডায়েট গোৱালপাৰা
জয়তু ডায়েট গোৱালপাৰা।।
এন্ধাৰ দুচকুতে
আঁকি দিয়া তুমি
পোহৰৰ মূৰ্ত্ত ছবি
তোমাৰ ত্যাগেৰে
মহীয়ান হয়
দেশৰ পূণ্যভূমি
অভিনৱ প্ৰভাতৰ
অনাগত সময়ৰ
শান্তিৰ নিজৰা তুমি
শান্তিৰ নিজৰা তুমি
জয়তু ডায়েট গোৱালপাৰা
জয়তু ডায়েট গোৱালপাৰা।।
–..–